ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰকঃআটাছু
শিৱসাগৰ, ০৮ জানুৱাৰী (হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সাংবিধানিক প্ৰক্ৰিয়া । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক চৰকাৰক এইদৰে দাবী জনাই । শিৱসাগৰতএইদৰে দাবী জনাই সদৌ অসম তাই আহোম ছাত্র সন্থা(আটাছু)ৰ সভাপতি বসন্
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰকঃআটাছু


শিৱসাগৰ, ০৮ জানুৱাৰী (হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সাংবিধানিক প্ৰক্ৰিয়া । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক চৰকাৰক এইদৰে দাবী জনাই । শিৱসাগৰতএইদৰে দাবী জনাই সদৌ অসম তাই আহোম ছাত্র সন্থা(আটাছু)ৰ সভাপতি বসন্ত গগৈ। আটাছুৰ সভাপতি বসন্ত গগৈ আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলৰ জৰিয়তে ছয় জনজাতিৰ জনজাতি কৰণ সন্দৰ্ভত এইদৰে নিজৰ মত পোষণ কৰে।

তেও কয়, জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন ব্যক্তিয়ে বিভিন্ন মত প্ৰকাশ কৰি আহিছে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদন নস্যাৎ কৰিছে একাংশ ব্যক্তিয়ে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কোনো কোনো ব্যক্তিয়ে কয় জনজাতিকৰণ দিব নালাগে। কিন্ত ভাৰতীয় সংবিধানত এই বিষয়ে স্পষ্ট ভাবে উল্লেখ আছে কি দৰে জনজাতিকৰণ দিব পাৰি। ২০২৪ ত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি কাশ্মীৰত জনজাতিৰ মৰ্যাদা দিয়া হৈছে।

লোকোৰ কমিটিয়ে ৫ টা নিয়ম বান্ধি দিছিল সেই সমূহ সঠিক হয় নে সময় পৰীক্ষা কৰি লোৱা ভাল তেওঁলোকে। নগালেণ্ডৰ কেইবাটাও জনজাতি আছিল সকলোকে জনজাতি মৰ্যাদা প্ৰদান কৰিছে। বিহাৰত জনজাতি দিছে, অন্ধ্ৰপ্ৰদেশত জনজাতি দিছে। যি সকলে আমাৰ জনজাতিকৰণৰ বিৰোধিতা কৰি আছে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কথা বতৰা জানি লোৱা ভাল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande