
নগাও, ০৮ জানুৱাৰী (হি.স.)। ৰূপহীহাটৰ কুচগাঁৱত শোকাবহ পথ দুৰ্ঘটনা। থিতাতে নিহত সাত বছৰীয়া শিশু। ই ৰিক্সা আৰু মটৰ চাইকেলৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত শিশুটো। উত্তৰ খাটোৱালৰ ছাদ্দাম হুছেইনৰ সাত বছৰীয়া মোজাহিদুল ইছলাম নামৰ শিশুটোৰ দুৰ্ঘটনাত মৃত্যু হয়।
ই-ৰিক্সাৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। দূৰ্ঘটনাত পতিত হোৱা ই ৰিক্সা খনৰ নম্বৰ হৈছে এএছ-৩১ই-আৰ ৩০৪৫
আৰু বাইক খনৰ নম্বৰ হৈছে এএছ-০২এ ইউ ৬৬৬৩ । ঘটনা স্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।দুৰ্ঘটনা সংঘটিত হোৱা পথ চোৱাত পথ সুৰক্ষাৰ কোনো ব্যৱস্থা নথকাত অঞ্চলটোত সঘনে দুৰ্ঘটনা সংঘটিত হই বুলি অঞ্চলবাসী অভিযোগ উত্থাপন কৰেে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা