কোকৰাঝাৰত ঠিকাদাৰৰ বাসগৃহত জিএছটিৰ অভিযান
কোকৰাঝাৰত ঠিকাদাৰৰ বাসগৃহত জিএছটিৰ অভিযান।
কোকৰাঝাৰত ঠিকাদাৰৰ বাসগৃহত জিএছটিৰ অভিযান


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.): কোকৰাঝাৰত ঠিকাদাৰৰ বাসগৃহত জিএছটিৰ অভিযান চলে। কোকৰাঝাৰ চহৰৰ প্ৰতিষ্ঠিত ঠিকাদাৰ দিলনী বসুমতাৰীৰ বাসগৃহত অসম চৰকাৰৰ জিএছটি বিভাগে চলাইছে অভিযান ৷

ঠিকাদাৰ দিলনী বসুমতাৰীৰ জিএছটি প্ৰফাইলত কৰ বিসংগতিৰ অভিযোগ পোৱা গৈছে ৷ যাৰ বাবে কোকৰাঝাৰ চহৰৰ সুদেমপুৰিৰ ঠিকাদাৰ দিলনী বসুমতাৰীৰ বাসগৃহত চলোৱা হৈছে এই অভিযান ৷ ৰাজ্যিক কৰ অধীক্ষক মনোজ কুমাৰ দেউৰীৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা বাৰজনীয়া এটা দলে চলাইছে এই অভিযান ৷ ৰাজ্যিক কৰ অধীক্ষক মনোজ কুমাৰ দেউৰীয়ে সদৰি কৰা মতে ঠিকাদাৰ দিলনী বসুমতাৰীৰ জিএচটি প্ৰফাইলত বিসংগতি পোৱা গৈছে । ই-ৱে বিল, ইনপুট ক্ৰেডিট আৰু সামগ্ৰী সৰবৰাহত বিসংগতি পোৱা গৈছে । জাননি জাৰি কৰা হৈছে আৰু উত্তৰৰ বাবে অপেক্ষা কৰা হৈছে । প্ৰক্ৰিয়া সম্পূৰ্ণ কৰোতে অলপ সময় লাগিব ।

উল্লেখ্য যে জিএচটি বিভাগে যোৱা দুদিন ধৰি বঙাইগাঁৱৰ এগৰাকী ঠিকাদাৰ অচিন্ত নাৰ্জাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত আজি কোকৰাঝাৰৰ ঠিকাদাৰ দিলনী বসুমতাৰীৰ অভিযান চলোৱা কাৰ্যই ঠিকাদাৰসকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande