
নলবাৰী, ০৮ জানুৱাৰী (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। এই উপলক্ষত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। এইক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্ৰেছ দল। আজি নলবাৰীত মহিলা কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা যায়। আজি নলবাৰীৰ ৰাজীব ভৱনত অনুষ্ঠিত হয় নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সাংগঠনিক বৈঠক।
এই সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় জাতীয় মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা নুৰী খান আৰু সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সম্পাদিকা বনশ্ৰী গগৈয়ে। আজি নলবাৰীত মহিলা কংগ্ৰেছৰ সদস্যক লৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি দলীয় তৎপৰতা আৰম্ভ কৰে। ইপিনে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি নুৰী খানে কয় যে বিজেপিৰ শাসন কালত মহিলা সকল সুৰক্ষিত নহয়। আনহাতে কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰকাশ কৰে নুৰী খানে। এম জি এনৰেগা আঁচনিৰ নাম সলনি কৰিব বিচৰা সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা