
বাক্সা, ০৮ জানুৱাৰী (হি.স.): বাক্সা জিলাৰ টকুৰাকুছি (মাজৰচুপা) গাঁওৰ প্ৰতিভাবান যুৱক কুলদীপ দাস (২৩) এগৰাকী সম্ভাৱনাপূৰ্ণ শৰীৰচৰ্চাবিদ হিচাপে সম্প্ৰতি উজলি উঠিবলৈ সক্ষম হৈছে। শৰীৰ চৰ্চাবিদ গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে তেওঁ ২০২২ চনৰ পৰা শৰীৰচৰ্চাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তেওঁ বাকসা জিলা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পাৱাৰ লিফ্ টিং আৰু সামগ্ৰিকভাৱে শশীৰচৰ্চাত সোণ পাবলৈ সক্ষম হয়। পুনৰ ২০২৩ চনতো সামগ্ৰিক শৰীৰ চৰ্চা শাখাত সোণ পাবলৈ সক্ষম হয়। ২০২৪ চনত আকৌ এবাৰসহ মুঠ তিনিবাৰ মিষ্টাৰ বাকসা খিতাপ দখল কৰি প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয়।
উল্লেখ্য় যে ২০২৪ চনত বজালীত তেওঁ শৰীৰিক দুৰ্বলতাৰ বাবে অসমভিত্তিক শৰীৰচৰ্চা প্ৰতিযোগিতাত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় যদিও শৰীৰ চৰ্চাৰ কঠোৰ অনুশীলন ধাৰাবাহিকভাৱে অব্যাহত ৰাখি ২০২৫ চনত জুনিয়ৰ শাখাত মিষ্টাৰ অসম খিতাপ দখল কৰে। তেওঁ কলেজত পঢ়ি থকা দিনৰে পৰা অৰ্থাৎ ২০১৮ চনৰ পৰা শৰীৰ চৰ্চাৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰে হাউলীত। ২০২৬ ৰ ১৮ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা অসম ভিত্তিক শৰীৰচৰ্চা প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে তেওঁ বৰ্তমান অনুশীলন অব্যাহত ৰাখিছে। ভাল ফলাফল লাভৰ বাবে তেওঁ অহৰহ চেষ্টা কৰি আছে। হাউলীৰ শৰীৰ চৰ্চাৰ প্ৰশিক্ষক গৰাকীয়ে তেওঁক যথেষ্ট সহায় কৰিছে আৰু পিতৃ-মাতৃৰ পৰাও এইদিশত যথেষ্ট সহায়-সহযোগ পাইছে। শৰীৰ চৰ্চাত সফলতা পাবলৈ নিয়মিত ব্যায়াম কৰিব লাগে আৰু নিচামুক্ত হৈ থাকিব লাগে বুলি তেওঁ উল্লেখ কৰে। শৰীৰ চৰ্চাত তেওঁ অসমক আগুৱাই লৈ যাবলৈ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ