
কামৰূপ, ০৮ জানুৱাৰী (হি.স.)। বস্ত্ৰ নগৰী শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰিদৰ্শন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে। প্ৰাচ্যৰ মাঞ্চেচেষ্টাৰ শুৱাকুছিত উপস্থিত হৈ পৰিদৰ্শন কৰে তাঁত শিল্প l হস্ততাত বস্ত্ৰ শিল্পক দেখি অভিভূত হৈ পৰে মধ্যপ্ৰদেশৰ মূখ্যমন্ত্ৰী ড° মোহন যাদৱ l শুৱালকুছিত উপস্থিত হৈয়ে প্ৰথমে তেওঁ পৰিদৰ্শন কৰে শুৱালকুছি প্ৰৱেশ দ্বাৰৰ সন্মুখত থকা শুৱালকুছি বস্ত্ৰ উদ্যান l
বস্ত্ৰ উদ্যানত উপস্থিত হোৱাৰ পিছতে কামৰূপ জিলা প্ৰশাসনৰ পৰা ফুলাম গামোচাৰে আদৰণি জনায় l ইয়াৰ পিছতে শুৱালকুছি নাক্তাদলত থকা অলকেশ বৈশ্য ৰিংকী চিল্ক উইভিনিং ফেক্টৰীত l শুৱালকুছিৰ বিশ্ব বন্দিত কুটিৰ শিল্প তাতঁশাল পৰিদৰ্শন কৰে l ইয়াৰ পিছতে হীৰালাল কলিতাৰ বস্ত্ৰ বিপণীত উপস্থিত হৈ শুৱালকুছিৰ তাতঁশালত উৎপাদিত মুগা পাট আৰু এড়িৰ বস্ত্ৰ ক্ৰয় কৰে মূখ্যমন্ত্ৰী ড° মোহন যাদৱে l
আনহাতে , শুৱালকুছি ইনষ্টিটিউটত অফ টেকন’লজিত উপস্থিত হৈ পৰিদৰ্শন কৰে l শুৱালকুছি বস্ত্ৰ শিল্প কেনেদৰে তাতঁশালত উৎপাদন কৰে তাৰ কাৰিকৰী দিশো সমুহৰ বুজ লয় l মধ্য প্ৰদেশতো শুৱালকুছিৰ আৰ্হিত থলুৱা বস্ত্ৰ উৎপাদনৰ ব্যৱস্থা গ্ৰহণৰ চিন্তা চৰ্চা কৰা বুলি মন্তব্য কৰে l
শেষত , অসমীয়াৰ পৰম্পৰাগত জলপান তিল পিঠা, নাৰিকলৰ লাৰুৰ জুতি লয় l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু