বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত ধৰ্মীয় সংখ্যালঘুক অন্তৰ্ভুক্তৰ দাবী নেমছুৰ
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। বিটিচিৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী লোকক বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত স্থান নিদিয়াৰ পিছতে সমগ্ৰ বিটিচিত সৰৱ প্ৰতিবাদ হৈ থকাৰ সময়তে নেমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ৷ বিগত নিৰ্বাচনত ধৰ্মীয় স
বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত ধৰ্মীয় সংখ্যালঘুক অন্তৰ্ভুক্তৰ দাবী নেমছুৰ


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। বিটিচিৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী লোকক বিটিচিৰ কেন্দ্ৰীয় বাছনি বোৰ্ডত স্থান নিদিয়াৰ পিছতে সমগ্ৰ বিটিচিত সৰৱ প্ৰতিবাদ হৈ থকাৰ সময়তে নেমছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছ৷ বিগত নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজে ব্যাপক হাৰত ভোটদান কৰি বিপিএফ দলক চৰকাৰ গঠনত যথেষ্ট সহায়-সহযোগ কৰিছিল যদিও এই সম্প্ৰদায়ক পুনৰ বঞ্চিত কৰা ঘটনাত দুখ অনুভৱ কৰিছে নেমছুই৷আজি নেমছুুুৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক ছাদ্দাৰ হুছেইন, ক্ৰীড়া সম্পাদক মিন্টু খান,দোতমা আঞ্চলিক সভাপতি মফিদুল ৰহমানে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বিষয়টো পুনৰ বিবেচনা কৰি কমপক্ষেও দুজন লোকক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই এক স্মাৰক পত্ৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande