
শোণিতপুৰ, ০৮ জানুৱাৰী (হি স)।
তেজপুৰ আজি বৃহস্পতিবাৰে অসম গণ পৰিষদ (অগপ)ৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
আজি দুপৰীয়া তেজপুৰস্থিত জিলা অগপৰ কাৰ্যালয়ত আয়োজিত এক সভাত আঞ্চলিক দলটোত আনুষ্ঠানিকভাবে যোগদান কৰে ৰাইজৰ দলৰ প্ৰাক্তন উপসভাপতি ড° পৰশমণি সিংহই ৷ উল্লেখযোগ্য যে, ৰাইজৰ দলৰ প্ৰাক্তন উপসভাপতি সিংহই কিছুদিন পূৰ্বে দল ত্যাগ কৰিছিল ৷ আজি বৃহস্পতিবাৰে দুপৰীয়া আয়োজিত যোগদান কাৰ্যসূচীত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ড° সিংহক অগপলৈ আনুষ্ঠানিকভাবে আদৰণী জনায় ৷
এই অনুষ্ঠানত অগপৰ উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য, কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ভাৰত দাস, কেন্দ্ৰীয় কমিটিৰ সদস্য পদুম বৰাৰ লগতে অগপৰ জিলা সভাপতি ৰাতুল নাথ, জিলা সম্পাদক দাদুল বৰা আৰু তেজপুৰ সমষ্টিৰ সম্পাদক ভাস্কৰ কলিতা আদিও উপস্থিত আছিল ৷ উল্লেখযোগ্য যে, অগপত যোগদানৰ পিছতে পৰশমণি সিংহই কয় “মোৰ পিতৃ তথা প্ৰাক্তন সাংসদ প্ৰয়াত ড° পূৰ্ণ নাৰায়ণ সিংহৰ দিনৰ পৰাই অগপ দলৰে স’তে আমাৰ এটা সম্পৰ্ক আছে ৷ এনে কাৰণতে পূৰ্বৰ দল ত্যাগ কৰাৰ পাছত মই যোৱা সময়চোৱাত আন সামাজিক কামকাজৰে জড়িত হৈ আছিলো যদিও তাৰ মাজতে অগপৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰি অগপত যোগদান প্ৰক্ৰিয়াটো আগবঢ়োৱা হয় ৷”
তেওঁ কয় যে, তেওঁৰ শুভাকাংক্ষী সকলে অগপত যোগদানৰ বাবে আগবঢ়োৱা পৰামৰ্শ অনুসৰিয়েই দলটোত আজি আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত তেজপুৰৰ লগতে ৰাজ্যৰ আন সমষ্টিটো অগপ দলে প্ৰত্যাশিত ফলাফল লাভ কৰিব বুলিও তেওঁ অভিমত ব্যক্ত কৰি বৰ্তমান ৰাজ্যত অগপ দলেই প্ৰধান আঞ্চলিক ৰাজনৈতিক দল বুলিও প্ৰকাশ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ