ধুবুৰীত ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ টিকাকৰণৰ শুভাৰম্ভ
শ্ৰীভূমি, ০৮ জানুৱাৰী (হি.স.)। ধুবুৰীত ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ টিকাকৰণৰ শুভাৰম্ভ। সমগ্ৰ অসমৰ ভিতৰত শ্ৰীভূমি জিলা আৰু ধুবুৰী জিলাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে টিকাকৰণৰ শুভাৰম্ভ কৰা হয়। টিকাকৰণৰ জৰিয়তে জিলা খন
ধুবুৰীত ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ টিকাকৰণৰ শুভাৰম্ভ


শ্ৰীভূমি, ০৮ জানুৱাৰী (হি.স.)। ধুবুৰীত ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ টিকাকৰণৰ শুভাৰম্ভ। সমগ্ৰ অসমৰ ভিতৰত শ্ৰীভূমি জিলা আৰু ধুবুৰী জিলাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে টিকাকৰণৰ শুভাৰম্ভ কৰা হয়। টিকাকৰণৰ জৰিয়তে জিলা খনৰ ১,৫৫০ খন গাঁওক সামৰি লৈ সৰ্বমুঠ ১৮,২৫,৭৯৬ গৰাকী লোকক টিকাকৰণৰ কৰা হব বুলি জানিবলৈ দিয়ে।

টিকাকৰণত ২৩৭ গৰাকীকৈ চিকিৎসা কৰ্মী, এ এন এম ৩৬১ গৰাকী আৰু ১,৭৫৮ গৰাকী আশা কৰ্মীয়ে ১৮,২৫,৭৯৬ গৰাকী লোকক টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ধার্য কৰি লৈছে বুলি সংবাদমেলৰ জৰিয়তে আজি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande