টিংখাঙত পথ নিৰ্মাণৰ নামত লুন্ঠনৰ অভিযোগ
টিংখাঙত পথ নিৰ্মাণৰ নামত লুন্ঠন । ​
টিংখাঙত পথ নিৰ্মাণৰ নামত লুন্ঠনৰ অভিযোগ


ডিব্ৰুগড়, ০৮ জানুৱাৰী (হি.স.): ডিব্ৰুগড় জিলাৰ টিংখাঙত পথ নিৰ্মাণৰ নামত চলিছে ভেকোভাওনা । অইল ইণ্ডিয়াৰ চি.এছ.আৰ. ফাণ্ডৰ লাখ লাখ টকা ব্যয় কৰিও ঠিকাদাৰে পথত পেলাইছে জাবৰ-জোথৰ মিশ্ৰিত শিল। তদুপৰি ​মাত্ৰ দুই-চাৰি গাড়ী শিল পেলায়েই দায়িত্ব সামৰে ঠিকাদাৰে। ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ।

টিংখাং সমষ্টিৰ অন্তৰ্গত শালমাৰী-দীঘলীয়াৰ পৰা কঠালগুৰি সংযোগী এটা পথ। প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ এই পথটো মেৰামতিৰ বাবে আবণ্টিত হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ চি.এছ.আৰ. ফাণ্ডৰ ২ লাখ ৮৭ হাজাৰ টকা। কিন্তু, পথ নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু অইল কৰ্তৃপক্ষই কৰিছে চৰম ভেকোভাওনা কাৰ অভিযোগ উত্থাপিত হৈছে । ​মাত্ৰ দুই-চাৰি গাড়ী শিল পেলায়েই দায়িত্ব সামৰিছে ঠিকাদাৰে। তাতো আকৌ শিলৰ লগত মিহলি হৈ আছে জাবৰ-জোথৰ, ফটা চেণ্ডেল আৰু চিচাৰ টুকুৰা। পথৰ দুয়োকাষে ‘চাইড-বাম’ বন্ধাৰ যি নিয়ম, তাকো বুঢ়া আঙুলি দেখুৱাইছে ঠিকাদাৰে। ঠিকাদাৰক প্ৰশ্ন কৰাত সেয়া ‘আগৰ শিল’ বুলি কৈ পলাই সাৰিব বিচাৰে ঠিকাদাৰে । স্থানীয় ৰাইজে এই দুৰৱস্থাৰ বিষয়ে সমষ্টিৰ বিধায়ক তথা মন্থী বিমল বৰাক বহুবাৰ অৱগত কৰিছিল যদিও কোনো সুফল পোৱা নাই ৰাইজে। যাৰ বাবে এতিয়া ধৈৰ্যৰ বান্ধ ছিঙিছে স্থানীয় ৰাইজৰ। স্থানীয় বিধায়ক আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande