
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.): শ্ৰীৰামপুৰৰ পৰা অভয়াপুৰী কয়াকুজিয়া ইকো পাৰ্ক তথা বনভোজ কৰিবলৈ যোৱা পৰ্যটকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইকো পাৰ্কলৈ প্ৰবেশ কৰাৰ নামত কণ কণ শিশুৰ নাম দেখুৱাই দানৰ ৰূপত ধন আদায় কৰা হৈছে বুলি অভিযোগ উঠিছে।
বহু পৰ্যটকৰ মতে, ভিতৰত প্ৰৱেশ কৰাৰ সময়ত সৰু সৰু ল'ৰা-ছোৱালীৰ নামতো দিব লাগে এন্ট্ৰী। সৰু সৰু ল'ৰা-ছোৱালীৰ বাবে পাৰ্কত নাই বিশেষ কোনো প্ৰয়োজন বস্তু। তাতেই গ'লে দিব লাগিব টকা। যাৰফলত পৰ্যটকসকল উদ্বিগ্ন হৈ পৰে আৰু ইকো পাৰ্ক পৰিচালনাত অনিয়ম থকাৰ সন্দেহও সৃষ্টি হৈছে। আৰু ইয়াত বনভোজ খাবলৈ আহিব নালাগে বুলি সমগ্ৰ ৰাইজক আহ্বান জনায়।
স্থানীয় নাগৰিক আৰু পৰ্যটকসকল এই বিষয়টোলৈ সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকর্ষণ কৰি শীঘ্ৰেই তদন্তৰ দাবী জনাইছে, আৰু অবৈধ ধন সংগ্ৰহত জড়িত সকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ আহ্বান জনোৱা হৈছে। পৰ্যটন স্থানসমূহত এনে ধৰণৰ কাৰ্যকলাপে অঞ্চলটোৰ ভাবমূর্তিতো আঘাত লগাব বুলি বহু ৰাইজৰ মতামত। সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়াটো গুৰুতৰভাৱে লৈ ভৱিষ্যতে পৰ্যটকসকলৰ নিৰাপত্তা আৰু সুস্থ ব্যৱস্থাপনা নিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ