
শ্ৰীভূমি, ০৮ জানুৱাৰী (হি.স.): শ্ৰীভূমিৰ চহৰৰ ষ্টেচন পথত বাহনৰ মাজত খুণ্ডা লগাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । ই-ৰিক্সাত থকা স্বামী স্ত্ৰীৰ ওপৰত ভিন ধৰ্মী লোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হ’ব লগা হয় আৰক্ষী।
ঘটনাৰ অভিযোগ মতে পথৰে গৈ থকা সময়তে ই-ৰিক্সা এখনৰ বলেৰো বাহন এখনত খুন্দা মাৰে। ইয়াৰ পিছত বলেৰোত থকা গৰাকীয়ে ই-ৰিক্সা চালকক প্ৰহাৰ কৰিবলৈ নামি অহাত যাত্ৰীসকলেয়ে বাধা দিয়াতে যাত্ৰীক প্ৰহাৰ কৰে বলেৰো বাহনৰ গৰাকীয়ে। আনকি মহিলাৰ সৈতে অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনালৈ পৰিস্থিতি উত্তপ্ত হৈ উঠে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । বলেৰো বাহনৰ গৰাকীৰ নাম আজম বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ শিলচৰৰ কাটাখালত বুলি কোৱা হৈছে। ইফালে লোকজনে নিজকে বজৰংগ দলৰ সদস্য বুলিও কয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ