মৰিগাঁওৰ হাতীউঠা হস্তশিল্প সমবায় সমিতিৰ মহিলা সকলৰ সৈতে বাৰ্তালাপ ৰাজ্যপালৰ
মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত দৈপৰা গাঁৱৰ এটা বস্ত্ৰ শিল্প উদ্যোগ। নাম এনাজৰীব্ৰেণ্ড নামৰ এই উদ্যোগ টো আৰম্ভ হৈছিল ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীউঠা পাহাৰৰ সমীপৰ বঙালবৰী গাঁৱত। শিক্ষক অমৰ চন্দ্ৰ টেৰণৰ পত্নী
মৰিগাঁওৰ হাতীউঠা হস্তশিল্প সমবায় সমিতিৰ মহিলা সকলৰ সৈতে বাৰ্তালাপ ৰাজ্যপালৰ


মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত দৈপৰা গাঁৱৰ এটা বস্ত্ৰ শিল্প উদ্যোগ। নাম এনাজৰীব্ৰেণ্ড নামৰ এই উদ্যোগ টো আৰম্ভ হৈছিল ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীউঠা পাহাৰৰ সমীপৰ বঙালবৰী গাঁৱত। শিক্ষক অমৰ চন্দ্ৰ টেৰণৰ পত্নী জ্যোতিৰ্ময়ী মাচাৰী নামৰ মহিলা গৰাকীৰ প্ৰচেষ্টাত গাঁও খনত ২০০৬ চনত প্ৰথম তিনি খন শালেৰে আৰম্ভ হৈছিল।

পৰবৰ্তী সময়ত হাতীউঠা হস্তশিল্প সমবায় সমিতি নামেৰে এখন সমিতি গোট গঠন কৰা হল। আজি সমবায় সমিতিৰ মহিলা সকলৰ সতে বাৰ্তালাপ কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ই। ৰাজ্যপাল গৰাকীয়ে তেওঁলোকৰ উক্ত প্ৰচেষ্টাৰ শলাগ লয় এশ গৰাকী মহিলাক অংশীদাৰ হিচাপে লৈ বৰ্তমান সময়ত ২৫ খন শালত দিনে নিশাই চলি আছে বয়ন শিল্পৰ উক্ত উল্লেখযোগ্য কাম। বৰ্তমান সময়ত সমিতিৰ মহিলা সকল স্বাৱলম্বী। ঘৰটোতে তেওঁলোকে শালত এইদৰে কাম কৰি থাকে। ইয়াতে মুগা, পাট,এৰি,তছ , উন্নত মানৰ মেখেলা চাদৰ ,শাৰী ,মাফলাৰ, শ্বল আদি প্ৰস্তুত কৰা হয়।

বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে আজিলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। চৰকাৰ বা বিভাগৰ ফালৰ কোনো সহাৰী লাভ কৰা নাই। অৱশ্যে মহিলা সকলক প্ৰশিক্ষণৰ ক্ষেত্ৰত অলপ সহায় কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande