একে লগে হাজাৰ হাজাৰ মহিলা উদ্যমিতা আচনিৰ লাভ কৰা চেক ভঙাব অহাত গোগামুখত তীব্ৰ যান-যটৰ সৃষ্টি
ধেমাজী, ০৮ জানুৱাৰী (হি.স.)। কালি লখিমপুৰ আৰু ধেমাজিত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিছিল উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক। চেক লাভ কৰাৰ পিছতেই ধন মোকলাবলৈ বেংকত ভিৰ হাজাৰ হাজাৰ লাখপতি বাইদেউৰ। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ন কৰিব লগা হৈছে আৰক্ষীৰ। বেংকলৈ বু
একে লগে হাজাৰ হাজাৰ মহিলা উদ্যমিতা আচনিৰ লাভ কৰা চেক ভঙাব অহাত গোগামুখত তীব্ৰ যান-যটৰ সৃষ্টি


ধেমাজী, ০৮ জানুৱাৰী (হি.স.)। কালি লখিমপুৰ আৰু ধেমাজিত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিছিল উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক। চেক লাভ কৰাৰ পিছতেই ধন মোকলাবলৈ বেংকত ভিৰ হাজাৰ হাজাৰ লাখপতি বাইদেউৰ। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মোতায়ন কৰিব লগা হৈছে আৰক্ষীৰ। বেংকলৈ বুলি অহা লাখপতি বাইদেউৰ ভিৰত তীব্ৰ যান-যট গোগামুখত।

চেক লাভ কৰি মুখত হাঁহি বিৰিঙিছে মহিলা সকলৰ। মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰিয়ে চৰকাৰৰ পৰা লাভ কৰা ১০ হাজাৰ টকাৰে ম'বাইল নিকিনি গৰু-ছাগলী-গাহৰি পালন কৰিম বুলি মন্তব্য উদ্যমিতা আঁচনি লাভ কৰা মহিলাৰ।

১০ হাজাৰ টকা লাভ কৰাৰ পিছত মামাক ধন্যবাদ জ্ঞাপন কৰি হিমন্ত বিশ্ব শৰ্মাক ভোট দিবলৈও জনালে আহ্বান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande