ডি ভোটাৰৰ বোজা মুৰত কঢ়িয়াই সংকটত খিলঞ্জীয়া জনজাতীয় ভূমি পুত্ৰ
গোৱালপাৰা, ০৮ জানুৱাৰী (হি.স.)। পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত দেপলাচং বাঙ্গালপাৰা গাঁও খনৰ কেইবাগৰাকীও খিলঞ্জীয়া জনজাতীয় ভূমি পুত্ৰ ডি ভোটাৰৰ বোজালৈ শংকাত জীৱন অতিবাহিত কৰিবলৈ বাধ্য় হৈছে । গাঁওখনত ২০০৫ চনৰ পৰাই ৰাভা - গাৰো উভয়ে প্ৰ
ডি ভোটাৰৰ বোজা মুৰত কঢ়িয়াই সংকটত খিলঞ্জীয়া জনজাতীয় ভূমি পুত্ৰ


গোৱালপাৰা, ০৮ জানুৱাৰী (হি.স.)। পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত দেপলাচং বাঙ্গালপাৰা গাঁও খনৰ কেইবাগৰাকীও খিলঞ্জীয়া জনজাতীয় ভূমি পুত্ৰ ডি ভোটাৰৰ বোজালৈ শংকাত জীৱন অতিবাহিত কৰিবলৈ বাধ্য় হৈছে । গাঁওখনত ২০০৫ চনৰ পৰাই ৰাভা - গাৰো উভয়ে প্ৰায় ৯ জনকৈ লোকে ডি ভোটাৰৰ বোজা মুৰত কঢ়িৱাই লৈ ফুৰিছে। যিটো সময়ত চৰকাৰে জনজাতীয় লোকৰ উন্নয়নৰ আৰু সুৰক্ষিত কৰাৰ চিন্তা কৰে সেই সময়ত এনে দৰে জনজাতীয় লোক ডি ভোটাৰ হৈ থকাতো অতিকে তাৎপৰ্যকৰ বিষয় হৈ পৰিছে।

মন কৰিবলগীয়া যে ডি ভোটাৰৰ বোজালৈয়ে বাঙ্গালপাৰা গাঁওখনৰ ৫ জনকৈ লোকৰ মৃত্যু হৈছে। উক্ত গাঁওখনৰ দুই ভাতৃ ৰবিন্দ্ৰ ৰাভা আৰু মহন্ত কুমাৰ ৰাভা আনহাতে দুই পতি পত্নী বেনুৰাম ৰাভা আৰু যতীলা ৰাভাৰ লগতে কাষৰে গাঁও বামুনদাঙা গাঁৱৰ নেলোনি মাৰাক নামৰ লোক কেইজনে বৰ্তমান ডি ভোটাৰৰ বোজা লৈ প্ৰত্য়াৱৰ্তন(পুচবেক)ৰ বাবে হাতত দিন গণিব লগা হৈছে। এইসকল লোকে বঞ্চিত হ’ব লগা হৈছে চৰকাৰী সা সুবিধাৰ পৰা। একমাত্ৰ ৰাভা হাছং ভোটটোৰ বাহিৰে পঞ্চায়ত, লোকসভা আৰু বিধানসভা কোনো এটা ভোট দিব নোৱাৰে কাৰণ এইলকৰ নাই ভোটাৰ কাৰ্ড। সেয়ে অসমৰ মূখ্যমন্ত্ৰীলৈ অচিৰেই এই খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ এই ডি আখৰটো ভোটাৰ লিষ্টৰ পৰা নিস্পতি কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। একেদৰে সদায় ৰাভা জাতিটোৰ উন্নতিৰ বাৱে আন্দোলন কৰি ৰাভা হাছং মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে আৰছু সভাপতি সম্পাদককো এই বিষয়টিৰ ওপৰত দৃষ্টি গোচৰ কৰিছে। এবাৰ এই গাঁওখনলৈ আহি জনজাাতীয় লোক সকলৰ ভোটাৰ লিষ্টৰ পৰা ডি আখৰটো গুচোৱাৰ ব্যৱস্থা কৰিবলৈ গাওঁবুঢ়াজনে আহ্বান জনায় । অন্যথা কোন দিনা এইলোকক প্ৰশাসনে সীমান্তলৈ পঠায় তাৰ কোনো নিশ্চয়তা নাই।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande