
কাছাৰ, ০৮ জানুৱাৰী (হি.স.): বিজেপিৰ প্ৰতিষ্ঠাপক কবীন্দ্ৰ পুৰকায়স্থ গুছি গল আমাৰ মাজৰ পৰা । বিজেপিৰ প্ৰতিষ্ঠাপক কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত শোকদগ্ধ বিজেপি মহল আৰু বৰাক উপত্যকা। শিলচৰ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাকৰ ৰাজনৈতিক অভিভাৱক বিজেপিৰ পিতৃপুৰুষ কবীন্দ্ৰ পুৰকায়স্থই। বুধবাৰে বিয়লি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাকৰ ৰাজনৈতিক অভিভাৱক কবীন্দ্ৰ পুৰকায়স্থই।
যথেষ্ট দিন ধৰি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যু বৰাকৰ ৰাজনৈতিক জগতত এক অপূৰণীয় ক্ষতি। কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত বিজেপি মহল আৰু বৰাক উপত্যকালৈ শোকৰ পৰিৱেশ কঢ়িয়াই আনিছে। ইফালে কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুৰ খবৰ শুনাৰ পাছত মন্ত্ৰী কৈশিক ৰায়, বিজেপিৰ সভাপতি ৰূপম সাহা, বিধায়ক দিপায়ন চক্ৰৱৰ্তীকে ধৰি বিজেপি কৰ্মীসকলে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত গৈ মৃতদেহ লৈ অনাৰ ব্যৱস্থা কৰে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰী কৌশিক ৰায় আৰু জিলা সভাপতি ৰূপম সাহাই কয় যে কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত সমগ্ৰ বৰাক উপত্যকা আৰু শিলচৰ চহৰ স্তম্ভিত হৈ পৰিছে। বিজেপিৰ প্ৰতিষ্ঠাপক, বিজেপিৰ দাদা, এজন নিষ্ঠাবান আৰু সৎ ব্যক্তিক হেৰুৱালে। তেওঁ সকলোকে ভাল পাইছিল আৰু বিজেপিৰ বাবে বহু ভাল কাম কৰিছিল। তেওঁ কৰা কামবোৰ চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।
ইফালে ৰাষ্ট্ৰপতি ৰূপম সাহা, মন্ত্ৰী কৌশিক ৰায়ৰ লগতে বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ সদস্যসকলে চকুলো টুকি টুকি প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ