
শিৱসাগৰ, ০৮ জানুৱাৰী (হি.স.): শিৱসাগৰ নগৰৰ আমোলাপট্টিত বিগত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত মাংস আৰু শাক পাচলি বিক্ৰী কৰা এখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। শিৱসাগৰ সদৰ থানাৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিগলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ।
জানিব পৰামতে, যোৱা কালি বুধবাৰে নিশা প্ৰায় ১১ বাজি ৩০ মিনিটত সংঘটিত হোৱা অগ্নিকাণ্ডৰ স্থানত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ সক্ষম হয় যদিও দোকানখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।ইফালে বিজুলী সংযোগ নথকা আৰু ধূপ চাকি নজ্বলোৱাকৈ সংঘটিত অগ্নিকাণ্ডৰ ঘটনাক ৰহস্যজনক আখ্যা দিছে দোকানখনৰ স্বত্বাধিকাৰীয়ে । কোনো দুষ্কৃতিকাৰীয়ে দোকানখনত অগ্নিসংযোগ কৰাৰো সন্দেহ কৰা হৈছে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে । কেনেকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হল তাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ