
যোৰহাট, ০৮ জানুৱাৰী (হি.স.)। যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । নগালেণ্ডৰ মন জিলালৈ যোৱা এখন ট্ৰেভেলাৰ গাড়ীৰ চালকক পথৰ ওপৰতে এখন মেজিক গাড়ীৰ চালকে চিনেমাৰ কায়দাত ৰখাই ট্ৰেভেলাৰৰ চালক জনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে।
গুৰুতৰ ভাবে আহত চালক জনক পিছত ঘটনাস্থলীত উপস্থিত ৰাইজে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে । অৱশ্য়ে এখন বাহনৰ চালকে কি কাৰণে আন এখন বাহনৰ চালকক আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে তাৰ সঠিক কাৰণ বৰ্তমানো জানিব পৰা হোৱা নায়। ঘটনাটোৰ এটা গোচৰ ৰজু কৰা হৈছে। আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু