পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত গৰু চোৰ। গৰু চোৰটো গৌৰীপুৰৰ বগুলামাৰী গাঁৱৰ তালেপ আলী বুলি পৰিচয় পোৱা গৈছে । গোপন খবৰৰ ভিক্তিত আৰক্ষীয়ে বগুলা মাৰীত অভিযান চলাই আটক কৰে গৰু চোৰটোক।
পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত গৰু চোৰ।

গৰু চোৰটো গৌৰীপুৰৰ বগুলামাৰী গাঁৱৰ তালেপ আলী বুলি পৰিচয় পোৱা গৈছে ।

গোপন খবৰৰ ভিক্তিত আৰক্ষীয়ে বগুলা মাৰীত অভিযান চলাই আটক কৰে গৰু চোৰটোক। বগৰিবাৰী থানাত ৩০৫/৩৩১(৩)BNS ধাৰাত ৭০/২০২৫ নম্বৰত ৰুজু হৈ থকা গোচৰ ভিক্তিত গ্ৰেপ্তাৰ কৰা হৈছে চোৰটোক। উল্লেখ্য় যে দীৰ্ঘদিনৰ পৰাই পৰ্বত ঝোৰাত এটা গৰু চোৰ চক্ৰই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল । এই গৰু চোৰ চক্ৰৰ লগত জড়িত হৈ আছিল তালেপ আলী।

এই তালেপ গেঙৰ সৈতে আৰু কোন কোন জঢ়িত আছে সেই বিষয়ে সন্ধান উলিয়াবলৈ বগৰিবাৰী আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande