
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ চলা গাৱত জুবিন আড্ডাৰ বস্ত্ৰ বিতৰণ l শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী ২নং চলা গাও চিতা বস্তিত শোণিতপুৰৰ স্বেচ্ছাসেৱী সংগঠন জুবিন আড্ডাৰ উদ্যোগত আৰু সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ সহযোগত ' মানুহৰ বাবে মানুহ ' কাৰ্যসুচীৰ অংশ ৰূপে স্থানীয় নামঘৰ প্ৰাঙ্গণত অঞ্চলটোৰ দৰিদ্ৰ সকলৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ।
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বৃক্ষৰোপণ আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান সম্পন্ন কৰা হয় । জেষ্ঠ সাংবাদিক দিলীপ সৰকাৰে বস্ত্ৰ বিতৰণ শুভাৰাম্ভ কৰা অনুষ্ঠানত জুবিন আড্ডাৰ ক্ৰমে শিশিৰ বৰঠাকুৰ, মালা শইকীয়া , লক্ষেশ্বৰ বৰা আৰু সংগ্ৰামী বৃহত্তৰ অসমীয়া মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অঞ্জন বৰা , উপদেষ্টা ক্ৰমে অচ্যুত বৰা আৰু হৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু