
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ । শোণিতপুৰৰ বালিপৰাত আজি চি পি আই এমৰ বালিপৰা আঞ্চলিক কমিটিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এম জি এনৰেগা আইন বাতিল কৰি নতুন আইন প্ৰচলন কৰা , বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰা , কাৰ্বি পাহাৰত কাৰ্বি জনতাৰ মৌলিক অধিকাৰ ৰক্ষা কৰা আদি বিভিন্ন সমস্যা সমূহৰ সমাধানৰ দাবীত আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
প্ৰতিবাদ স্থলীত বালিপৰা আঞ্চলিকৰ সম্পাদক ৰমনী মেধি , জিলা সম্পাদক মনেশ্বৰ বড়ো , জিলা সদস্য ভবানন্দ ৰায়, অমিতাভ চৌধুৰী আৰু নিৰু দত্তই বক্তব্য আগবঢ়ায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু