
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। ঢেকীয়াজুলি প্ৰেছক্লাৱৰ সভাগৃহত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা(নেমছুৰ) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা l ঢেকিয়াজুলি প্ৰেছ ক্লাৱত নেমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত “মুক্তি”নামৰএখন গ্ৰন্থ উন্মোচনী কৰি মদ ,ভাং,গুটখা,ড্ৰাগছ,অন্ধবিশ্বাস, বাল্য বিবাহকলৈ সৰব উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু)।
সমাজত ব্যাপ্ত নিচা সেৱন, অন্ধবিশ্বাস আৰু নিৰক্ষৰতা আদিৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত “মুক্তি” নামৰ এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। ঢেকিয়াজুলি প্ৰেছ ক্লাবত অঞ্চলটোৰ বৌদ্ধিক আৰু সংবাদ জগতৰ সৈতে জৰিত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত। মুক্তি নামৰ গ্ৰন্থখন উন্মোচন কৰে ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ ডালিমা কাকতিয়ে। গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত লগতে উপস্থিত থাকে ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস,নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম। গ্ৰন্থখনৰ সম্পাদনা নাজমল হুছেইন ভূঞাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু