
-বাজপেয়ী ভৱনত শ্ৰদ্ধঞ্জলি অনুষ্ঠান
গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। অসমত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰাৰ অন্যতম প্ৰধান কাণ্ডাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বিয়োগত আজিও শোকস্তদ্ধ হৈ আছে ৰাজ্যবাসী। বিজেপি পৰিয়ালৰ জ্যেষ্ঠ নেতাজনৰ বিয়োগত দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আজিও শোকত ম্ৰিয়মাণ হৈ আছে। পুৰকায়স্থদেৱ অসমৰ বিজেপিৰ প্ৰথমগৰাকী সাংসদ হিচাপে শিলচৰ লোকসভা সমষ্টিক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল।
জনসংঘৰ দিনৰে পৰা দেশ নিৰ্মাণৰ কামত ব্ৰতী হোৱা পুৰকায়স্থদেৱ বিজেপিৰ জন্মৰ সময়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিজেপি গঠনৰ গুৰুদায়িত্ব পালন কৰিছিল। তদপুৰি বিশ্ব হিন্দু পৰিষদৰ গঠনৰ ক্ষেত্ৰতো জ্যেষ্ঠ নেতাগৰাকীয়ে উল্লেখনীয় ভূমিকা লৈছিল। অসমত বিজেপি দলৰ বীজ ৰোপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰিয় নেতাজনক সুঁৱৰি বিজেপি কাৰ্যকৰ্তাসকলে আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ বিবৃতি যোগে মুখপাত্ৰ কমল কুমাৰ মেধিয়ে জনাই যে, সমগ্ৰ ৰাজ্যতে বিজেপিৰ কাৰ্যালয়সমূহত দলীয় পতাকা অৰ্ধনমিত কৰাৰ লগতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি তথা ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকি জ্যেষ্ঠ নেতাগৰাকীক স্মৰণ কৰে।
বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে কয় যে, কবীন্দ্ৰ পুৰকায়স্থ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহৰী বাজপেয়ীৰ ঘনিষ্ঠ হোৱাৰ লগতে বিজেপিৰ সকলো ৰাষ্ট্ৰীয় নেতাৰ প্ৰিয়ভাজন আছিল। তেখেতে ৰোপন কৰা বিজেপিৰ বীজ আজি সমগ্ৰ দেশতে বটবৃক্ষ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। নিৰহংকাৰী আৰু অমায়িক পুৰকায়স্থদেৱৰ মৃত্যু সমগ্ৰ বিজেপি পৰিয়ালৰ বাবে অন্যতম ক্ষতি বুলিও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে দুখ প্ৰকাশ কৰে।
ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ এটা প্ৰতিনিধি দল আজি পুৱাতেই প্ৰয়াত নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু অসমত দলৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় মৰ্যদাৰে প্ৰয়াত নেতাগৰাকীৰ নশ্বৰদেহ শিলচৰৰ শ্মশান ঘাটত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
শইকীয়াই কয় যে, অসম তথা বৰাক উপত্যকাৰ স্বপ্নদ্ৰষ্টা, আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় অভিভাৱক আৰু মাৰ্গদৰ্শক, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক কাণ্ডাৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থদেৱৰ জীৱনদৰ্শন, আদৰ্শ আৰু কীৰ্তি প্ৰতিজন কাৰ্যকৰ্তাৰ জীৱনৰ পথত চিৰদিন পাথেয় হৈ ৰ’ব। লগতে পৰমপিতাৰ চৰণত পুৰকায়স্থদেৱৰ বিদেহ্ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই একমাত্ৰ পুত্ৰ সাংসদ কনাড পুৰকায়স্থ সহিতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, দলৰ অগণন কাৰ্যকৰ্তা আৰু গুণমুগ্ধসকললৈ সভাপতি শ্ৰীশইকীয়াই গভীৰ সমবেদনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ