
চিৰাং, ০৮ জানুৱাৰী (হি.স.): চিৰাঙৰ বিজনীৰ বৰলাউ গাঁওখনৰ দেংফাখ্ৰী পথাৰত কাইলৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন। প্ৰায় চাৰি কৌটি টকা বাজেটত অনুষ্ঠিত হ'ব এই অধিৱেশন ।
এই অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে । এই অধিৱেশনত কিতাপৰ দোকান সহ ৫০০ ষ্ট'লৰ লগতে বড়ো জনগোষ্ঠীৰ সাহিত্য কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ থাকিব । অধিবেশনত নেপাল, জাপান, বাংলাদেশৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । এই অধিৱেশন উপলক্ষে ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ