
বৰপেটা, ০৮ জানুৱাৰী (হি.স.)।বৰপেটাৰ বাটগাঁও নয়াপাৰাত সংঘটিত হোৱা কিশোৰী যৌন আতিশয্যৰ ঘটনাৰে জৰিত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
কিশোৰীক যৌন আতিশয্যৰ ঘটনাৰে জৰিত আলেফ ভূঞা নামৰ লম্পটোক আজি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে বৰপেটাৰ নয়াপাৰা গাঁৱত ৬০ বছৰীয়া এক বৃদ্ধই এটি ১৩ বছৰীয়া কিশোৰীক যৌন আতিশয্যৰ চেষ্টা চলোৱাক লৈ বুধবাৰে নিশা অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । আনকি উত্তেজিত ৰাইজে অভিযুক্ত আলেফ ভূঞাৰ এটা ঘৰত অগ্নিসংযোগ কৰি জ্বলাই দিছিল ঘৰটো।
এই ঘটনাৰ পিচতে বহৰিস্থ তাৰাবাৰী থানাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লগতে বৰপেটাৰ উপ অধীক্ষক জিতেশ বৰ্মন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আনহাতে তাৰাবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই এটা ঘৰত লুকাই থকা অৱস্থাত নিশাই অভিযুক্তটোক গ্ৰেপ্তাৰ কৰে।
আলেফ ভূঞা নামৰ অভিযুক্তটোৱে ঘৰৰ ওচৰৰে ১৩ বছৰীয়া কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন আতিশয্যৰ চেষ্টা চলাইছিল।
অৱশ্যে ৰাইজৰ ৰোষৰ পৰা বচাবলৈ অভিযুক্তটোক তাৰাবাৰী থানাৰ পৰিৱৰ্তে নিশাই বৰপেটা সদৰ থানালৈ নি জেৰা চলায় আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত ধৰ্ষণত অভিযুক্ত আলেফ ভূঞা বিৰুদ্ধে প'চক' আইনৰ অধীনত গোচৰ ৰুজু কৰি ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা