
তামুলপুৰ, ০৮ জানুৱাৰী (হি.স.): অহা ১৭ জানুৱাৰীত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীত প্ৰায় ১০ হাজাৰ শিল্পীয়ে বাগৰুম্বা নৃত্য একেলগে প্ৰদৰ্শন কৰিব। তদুপলক্ষে বিভিন্ন জিলাৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ দুয়োটা বিধানসভা সমষ্টি, অৰ্থাৎ তামুলপুৰ আৰু গোৰেশ্বৰতো আজিৰে পৰা বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে।
এই কাৰ্যসূচী তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বাবে বেঙেনাহাটী সত্ৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আজি পুৱা তামুলপুৰ জিলাৰ নৱনিযুক্ত জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে তামুলপুৰ সমষ্টিৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। জিলা আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত অংশগ্ৰহণকাৰী শিল্পীসকলক নিৰ্দিষ্ট পদ্ধতিৰে নিজৰ নাম পঞ্জীয়ন কৰি কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ মুঠ ৭৭৮ গৰাকী অংশগ্ৰহণকাৰীয়ে অহা ১০ জানুৱাৰীলৈ প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ ১১ জানুৱাৰীৰ দিনা গুৱাহাটীলৈ ৰাওনা হ'ব। তামুলপুৰ বিধানসভা সমষ্টিৰ আজিৰ কাৰ্যসূচীত স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু জিলা আয়ুক্ত চিমি কৰণৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অজিতাভ ভৌমিক আদিৰ লগতে বিশেষজ্ঞ সমিতিৰ বিষয়ববীয়া আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ