বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত কোকৰাঝাৰত অনুষ্ঠিত সজাগতা কাৰ্যসূচী
কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ, সুবিধা তথা কল্যাণমূলক আঁচন
বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত কোকৰাঝাৰত অনুষ্ঠিত সজাগতা কাৰ্যসূচী।


বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত কোকৰাঝাৰত অনুষ্ঠিত সজাগতা কাৰ্যসূচী।


বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত কোকৰাঝাৰত অনুষ্ঠিত সজাগতা কাৰ্যসূচী।


কোকৰাঝাৰ, ০৮ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ সন্দৰ্ভত এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে সক্ষম ব্যক্তিৰ অধিকাৰ, সুবিধা তথা কল্যাণমূলক আঁচনিসমূহ সম্পৰ্কে চৰকাৰী বিষয়া সকলৰ মাজত সজাগতা বৃদ্ধি কৰা।

উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ আয়ুক্ত সুশমা হাজৰিকা, কোকৰাঝাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত, বিভাগীয় মুৰব্বী, চিডিপিঅ’ তথা অন্যান্য জিলা পৰ্যায়ৰ বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে।

জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সভাত কয় যে প্ৰতিবন্ধী ব্যক্তিক স্বীকৃতি, সন্মান আৰু উত্থান কৰাটো সকলো চৰকাৰী বিষয়াৰ লগতে নাগৰিকৰ নৈতিক দায়িত্ব। তেওঁ বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। নিৰ্বাচনৰ সময়ত ঘৰত ভোটদানৰ দৰে সুবিধাকে ধৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰাৰ ওপৰতো জিলা আয়ুক্ত গৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানটোত বিশেষজ্ঞ ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি, ভাৰত চৰকাৰৰ প্ৰতিবন্ধী ব্যক্তিৰ সৱলীকৰণ বিভাগৰ, ৰাজীৱ ভৰদ্বাজে উক্ত আইন খনৰ ব্যৱস্থাবোৰৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে ২৮ ডিচেম্বৰ, ২০১৬ তাৰিখে প্ৰণয়ন কৰা আৰু ১৯ এপ্ৰিল, ২০১৭ তাৰিখৰ পৰা কাৰ্যকৰী কৰা আইনখনে স্বীকৃত বিকলাঙ্গতাৰ সংখ্যা ৭ৰ পৰা ২১লৈ বৃদ্ধি কৰিছে। তেওঁ জনায় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে প্ৰতিবন্ধী ব্যক্তি সকলৰ অধিকাৰ ৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যাতে তেওঁলোকে আন নাগৰিকৰ দৰে সমান অধিকাৰ আৰু সুযোগ উপভোগ কৰিব পাৰে।

চৰকাৰী কাৰ্যালয়ত তেওঁলোকৰ অনুকূল সা-সুবিধাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগক আহ্বান জনায় আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে সৰ্বাংগীন শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ স্বাস্থ্য বিভাগক অক্ষমতাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে সময়োপযোগী পদক্ষেপ ল’বলৈ আহ্বান জনায় যাতে বিশেষভাৱে সক্ষম ব্যক্তিসকলে ইউডিআইডি কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande