
–সাধু কথা কোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাব অখিল গগৈয়ে
গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। “ৰাজনীতিক হিচাপে নহয়, সাধু কথাৰ কথক হিচাপেহে বিশেষ বুৎপত্তি লাভ কৰিছে অখিল গগৈয়ে। তেওঁ নিজৰ মনৰ ভিতৰতে এটা কাহিনী তৈয়াৰ কৰি লয় আৰু সেই কাহিনীকে সাধু কথা শুনোৱা দি ৰাইজক শুনাই যায়। সেই কল্প কাহিনীকে কিছুৱে সঁচা বুলি ধৰি লয় যদিও সময় যোৱাৰ লগে লগে সেয়া যে এক সাধু কথাহে আছিল ৰাইজে পিছত পতিয়ন যায়। অখিল গগৈয়ে যোৱা প্ৰায় দুটা দশক ধৰি অসমৰ ৰাইজক এনে বহু সাধুকথা শুনালে, সাময়িকভাৱে কিছু মানুহে সেয়া সঁচা কাহিনী বুলি পতিয়নো যায়। কিন্তু সময়ত সেই সকলো কাহিনীয়ে মিছা বুলি প্ৰমাণিত হয়।
যোৱা প্ৰায় দুটা দশকত অখিল গগৈয়ে উত্থাপন কৰা অভিযোগসমূহৰ বেছি ভাগেই তেওঁৰ মতলববাজ কল্প কাহিনী বুলিহে সময়ত প্ৰতিষ্ঠা হৈছে। সেয়ে তেওঁ শুনাই থকা সাধু কথাসমূহত এতিয়া ৰাইজ পতিয়ন নাযায়৷ ৰাইজে এইবোৰক মনোৰঞ্জনৰ খোৰাক হিচাপেহে গ্ৰহণ কৰে। সাধু কথা কোৱা প্ৰতিযোগিতাত ভাগ ল’লে অখিল গগৈয়ে যে প্ৰথম পুৰস্কাৰ পাব সেয়া নিশ্চিত।”– এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ।
দলৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে আৰু কয় যে, বিজেপিৰ এখন ভাৰ্চুৱেল সভাৰ প্ৰসংগ টানি যোৱা প্ৰায় তিনিটা দিনত অখিল গগৈয়ে উত্থাপন কৰি অহা অভিযোগসমূহো তেওঁৰ কল্পনাপ্ৰসূত কাহিনীৰ বাদে আন একো নহয়। এয়া তেওঁ ৰচনা কৰা নতুন সাধু কথা। কোনো সুনিৰ্দিষ্ট তথ্য-প্ৰমাণ নথকাকৈ তেওঁ সংবাদ মাধ্যমৰ সন্মুখত শুনাই থকা কাহিনীক লৈ এতিয়া সচেতন ৰাইজৰ মাজত নতুন আমোদৰ সৃষ্টি হৈছে।
এটা কল্প কাহিনী বিয়পাই দি তেওঁ এতিয়া সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰিছে। চিলনীয়ে কাণখন নিলে বুলি কোনোবাই চিঞৰি দিলেই নিজৰ কাণখন খেপিয়াই নোচোৱাকৈ চিলনীৰ পিছে পিছে দৌৰা অবোধ বালকৰ দৰে এতিয়া অৱস্থা হৈছে কংগ্ৰেছকে ধৰি ৰাজ্যৰ অন্য বিৰোধী দলৰো। অখিল গগৈয়ে ভোট কৰ্তনৰ নতুন কাহিনী এটা শুনোৱাৰ লগে লগে সত্যাসত্য নিৰূপণ নকৰাকৈয়ে কংগ্ৰেছকে ধৰি বিৰোধী দলৰ বিভিন্নজন নেতাই অখিল গগৈৰ কথাতে হয়ভৰ দিয়াত লাগিছে।
বিবৃতিটোত মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৰাজ্যখনৰ বিৰোধী দলসমূহক কটাক্ষ কৰি কয় যে, দিশহাৰা বিৰোধীয়ে কোনো এটা ৰাজনৈতিক ইছ্যুকে ৰাইজৰ সন্মুখত প্ৰতিষ্ঠা কৰিব নোৱাৰি এতিয়া চৰম হতাশাত ভূগিছে। ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ সন্মুখত বিৰোধীয়ে উত্থাপন কৰিব খোজা কোনো এটা ইছ্যুতে এতিয়া ৰাইজ পতিয়ন নাযায়। খিলঞ্জীয়া আৰু ভাৰতীয়মূলৰ লোকসকল কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতহে সুৰক্ষিত, এই কথা ৰাইজে ইতিমধ্যেই মৰ্মে মৰ্মে উপলদ্ধি কৰিছে।
সেয়ে সকলো বিৰোধী দলৰ বাবে এতিয়া কেৱল মিঞা মুছলমানৰ ভোটহে প্ৰধান লক্ষ্য হৈ পৰিছে। সেই সকল লোকক তোষামোদ কৰিবৰ কাৰণেই এতিয়া অখিল গগৈকে ধৰি বিৰোধী দলসমূহে চৰকাৰ তথা বিজেপি দলৰ বিৰুদ্ধে বাৰে বাৰে কিছুমান ভিত্তিহীন, ভুৱা অভিযোগ উত্থাপন কৰি আহিছে। পিছে জনতা জনাৰ্দনে প্ৰকৃত সত্য বুজি পায় বুলিও বিবৃতিটোত মেধিয়ে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ