জাগীৰোডত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। জাগীৰোডত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।মৰিগাঁও জিলা ভ্ৰমণৰ উদ্দেশ্যে অহা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰথমে জাগীৰোড পৰিদৰ্শন বাংলাত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷ তাৰ পিছতে ৰাজ্যপাল গৰাকী উপস্থিত হয় জা
জাগীৰোডত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ


মৰিগাঁও, ০৮ জানুৱাৰী (হি.স.)। জাগীৰোডত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ।মৰিগাঁও জিলা ভ্ৰমণৰ উদ্দেশ্যে অহা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰথমে জাগীৰোড পৰিদৰ্শন বাংলাত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷ তাৰ পিছতে ৰাজ্যপাল গৰাকী উপস্থিত হয় জাগীৰোড চাৰাংকুছিৰ এখন জৈৱিক কৃষি ফাৰ্মত ৷

দন্ত চিকিৎসক দীপক শইকীয়াই গঢ়া জৈৱিক কৃষি ফাৰ্মৰ বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ ,হাহ,কুকুৰা , কাছ , মৌ আদিৰ লগতে বিভিন্ন প্ৰকাৰৰ অৰ্কিড আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পালন কৰা পদ্ধতি সমূহ পৰিদৰ্শন কৰি অভিভূত হয় ৷ ৰাজ্যপাল গৰাকীয়ে ফাৰ্মখন পৰিদৰ্শন কৰাৰ বাবে চিকিৎসক দীপক শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সন্তোষ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande