
লক্ষীমপুৰ, ৮ জানুৱাৰী (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে লক্ষীমপুৰত তীক্ষ্ণ ৰাজনৈতিক মন্তব্য কৰি কয় যে তুষ্টিকৰণৰ ৰাজনীতি অসমীয়াৰ বাবে আৰু অধিক দুৰ্ভাগ্য কঢ়িয়াই আনিব। তেওঁ দাবী কৰে যে আগন্তুক সময়ত অসমত মিঞা মুছলমানৰ জনসংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পাব পাৰে।
সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত তেওঁ কোনো শক্তিশালী বিৰোধীৰ উপস্থিতি বা প্ৰভাৱ দেখা নাই। “অসমত বিৰোধী নাই। বিৰোধীৰ কোনো প্ৰভাৱ মই দেখা নাই,” বুলি তেওঁ মন্তব্য কৰে।
কংগ্ৰেছক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত দলটোৰ প্ৰাসংগিকতা হেৰাই গৈছে । অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীৰ বাহিৰে আন কোনোৱে কংগ্ৰেছক সমৰ্থন নকৰে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ