অসমৰ খেতিয়কক আৰ্থিকভাৱে আগুৱাই নিবলৈ বদ্ধপৰিকৰ মৌলানা বদৰুদ্দিন আজমল
হোজাই, ০৮ জানুৱাৰী (হি.স.)। পঞ্জাব, হিমাচলৰ খেতিয়কে যদি মাৰ্চিডিছ দৌৰাব পাৰে তেন্তে অসমৰ খেতিয়কে নোৱাৰাৰ কাৰণ নাই,এইদৰে মন্তব্য় কৰে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে l এইবাৰ অসমৰ খেতিয়কক আৰ্থিকভাৱে আগুৱাই নিবলৈ বদ্ধপৰিকৰ মৌলানা বদৰুদ্দিন আজমল l

স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা'আৰিফৰ অধীনত পৰিচালিত পদুম পুখুৰীৰ কৃষি বিকাশ কেন্দ্ৰত ৰাজ্যৰ বিভিন্ন জিলাৰ ৭৫জন কৃষকক আমন্ত্ৰণ কৰি আনি সাত দিনীয়া বিনামূলীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰা হৈছে। বিভিন্ন বতৰৰ শস্যৰ খেতিৰ লগতে শাক-পাচলি, মাছ পালন, ছাগলী পালন আদিৰো প্ৰশিক্ষণ দিয়া হব এই সাত দিনত।

মৰ্কজুল মা'আৰিফৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে অনুষ্ঠানত উপস্থিত থকা চৰকাৰী বিষয়া সকলেও। কৃষক সকলে বিভিন্ন আচঁনিৰ সুবিধা ল'বলৈ পঞ্জীয়ন কৰাটো অতি জৰুৰী বুলি উল্লেখ কৰে আৰু কৃষকৰ নানা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।

এই প্ৰশিক্ষণত মৌলানা বদৰুদ্দিন আজমলে বক্তৃতা দি কয় যে, কৃষকৰ কল্যাণ অবিহনে দেশ তথা ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয়। পাঞ্জাব, হাৰিয়ানাৰ কৃষক যদি ধনী হ'ব পাৰে তেন্তে অসমৰ কৃষক ধনী হ'ব নোৱাৰাৰ কাৰণ নাই বুলি তেওঁ মন্তব্য কৰে। সেয়ে ভৱিষ্যতে এনেধৰণৰ পদক্ষেপ আৰু বৃহৎ মাত্ৰাত ল'ব বুলি আজমলে প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande