
শোণিতপুৰ, ০৮ জানুৱাৰী (হি.স.)। জাপানীজ এনকেফেলাইটিছ (জে ই) প্ৰাপ্তবয়স্ক সকলৰ টিকাকৰণ অভিযান ২০২৬ৰ বাবে জিলা টাস্ক ফ’ৰ্চ কমিটীৰ প্ৰথমখন বৈঠক আজি শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযানৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰস্তুতিৰ পৰ্যালোচনা আৰু কৌশল চূড়ান্ত কৰাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত এইচ পি ভি (এইচপিভি) টিকাকৰণ অভিযান ২০২৬ সন্দৰ্ভতো আলোচনা কৰা হয়।
সভাত সহকাৰী আয়ুক্ত শ্ৰী ৰথিশ বৰা আৰু শ্ৰী ৰাজেন কুমাৰ আচাৰ্যৰ লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, জিলা সমাজ কল্যাণ বিষয়া, বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকল তথা সংশ্লিষ্ট প্ৰতিনিধিসকল উপস্থিত থাকে।
সভাৰ আৰম্ভণিতে শোণিতপুৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ ৰবীন গগৈয়ে টিকাকৰণ অভিযানৰ উদ্দেশ্যসমূহৰ ওপৰত এক সামগ্ৰিক আভাস প্ৰদান কৰে। ইয়াৰ পিছত জিলা প্ৰতিষেধক বিষয়া (ডিআইঅ’), শোণিতপুৰ, ডাঃ টুটুমনি সন্দিকৈয়ে কাৰ্যকৰী পৰিকল্পনা, বৃহৎ পৰিসৰৰ আৰু সূক্ষ্ম পৰিকল্পনাৰ কৌশল, দল নিয়োগ, হিতাধিকাৰী সকলক সামৰি লোৱাকেধৰি বিভিন্ন দিশৰ ব্যৱস্থাপনা আৰু তত্বাৱধান ব্যৱস্থাৰ জিলা পৰ্যায়ৰ প্ৰস্তুতি সন্দৰ্ভত এক বিস্তৃত উপস্থাপন আগবঢ়ায়।
প্ৰাপ্তবয়স্ক জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযান সম্ভৱত অহা ২০ জানুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াত ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ হিতাধিকাৰীসকলক সামৰি লোৱা হ’ব। এই টিকাকৰণৰ বাবে স্থান হিচাপে বিদ্যালয়সমূহক অগ্ৰাধিকাৰ দিয়া হ’ব আৰু গাঁৱত বিদ্যালয় নাথাকিলে অংগনবাড়ী কেন্দ্ৰ ব্যৱহাৰ কৰা হ’ব। আই ই চি আৰু সামাজিক সজাগতা বৃদ্ধিৰ বিষয়সমূহৰ লগতে গৰ্ভৱতী মহিলা, গুৰুতৰ চিকিৎসাজনিত অৱস্থাত থকা ব্যক্তি আৰু অন্যান্য নিৰ্দিষ্ট মাপকাঠীৰ অধীনত অভিযানৰ পৰা বাদ দিবলগীয়া জনসংখ্যাৰ সবিশেষ বিষয়েও আলোচনা কৰা হয়।
ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ উদ্দেশ্যে আগন্তুক তিনিমহীয়া এইচ পি ভি টিকাকৰণ অভিযানৰ ওপৰতো বৈঠকত আলোচনা কৰা হয়। এই অভিযানৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত ১৪ বছৰ সম্পূৰ্ণ কৰা আৰু এতিয়াও ১৫ বছৰ সম্পূৰ্ণ নকৰা যুৱতী সকলক সামৰি লোৱা হ’ব।
বিভিন্ন বিভাগৰ বিষয়াসকলে আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আন্তঃবিভাগীয় সমন্বয় সুদৃঢ় কৰি টিকাকৰণ অভিযানসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ