পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মৃতদেহ উদ্ধাৰ
পশ্চিম কাৰ্বি আংলঙ, ০৪ জানুৱাৰী (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মাইলু সাপ্তাহিক বজাৰত উদ্ধাৰ হৈছে মৃতদেহটো। পুৱাই ঘটনাস্থলীত মৃতদেহটো প্ৰত্য়ক্ষ কৰি স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ প্ৰেৰণ কৰে। ঘটন
পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মৃতদেহ উদ্ধাৰ


পশ্চিম কাৰ্বি আংলঙ, ০৪ জানুৱাৰী (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ মাইলুত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মাইলু সাপ্তাহিক বজাৰত উদ্ধাৰ হৈছে মৃতদেহটো। পুৱাই ঘটনাস্থলীত মৃতদেহটো প্ৰত্য়ক্ষ কৰি স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ প্ৰেৰণ কৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।মৃতদেহটো তন্ন তন্ন কৈ পৰীক্ষা কৰে আৰক্ষী। উদ্ধাৰ হোৱা নাই মৃত ব্যক্তিজনৰ পৰিচয়।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰু অনুসন্ধান। মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু লৈ প্ৰেৰণ ব্যক্তি জনৰ মৃতদেহ।প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষী নিশ্চিত হই যে মৃত ব্য়ক্তি গৰাকী স্থানীয় ব্যক্তি নহয়।মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছত আৰক্ষী নিশ্চিত হব ব্যক্তি গৰাকীৰ মৃত্য়ুৰ সঠিক কাৰণ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande