বিলাসীপাৰা থানাৰ পৰা কুখ্যাত ড্ৰাগছ আচামীৰ পলায়ন
বিলাসীপাৰা আৰক্ষী থানাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
বিলাসীপাৰা থানাৰ পৰা কুখ্যাত ড্ৰাগছ আচামীৰ পলায়ন


ধুবুৰী, ০৭ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰা থানাৰ পৰা কুখ্যাত ড্ৰাগছ আচামীয়ে পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে । নয়াহাট আৰক্ষীয়ে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। নয়াহাট আৰক্ষীয়ে য়োৱা কালি মঙলবাৰে বিলাসীপাৰা থানাত আচামী জনক চমজাই দিয়ে। চমজাই দিয়াৰ পিছত বিলাসীপাৰা আৰক্ষী গাফিলতিৰ আৰু গুৰুত্বহীনতাৰ বাবে কুখ্যাত ড্ৰাগছ মাফিয়াটোৱে পলায়ন কৰে।

আচামী জন বগৰীবাৰীৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে। বিলাসীপাৰাৰ আৰক্ষীয়ে পলায়নৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল। কালি বিয়লি ভাগৰ সংঘটিত হোৱা ঘটনা এতিয়ালৈকে কুখ্যাত ড্ৰাগছ মাফিয়াক বিচাৰি নাপালে বিলাসীপাৰা আৰু নয়াহাট আৰক্ষীয়ে। উক্ত ঘটনাই বিলাসীপাৰা বিভিন্ন দ'ল সংগঠন আৰু সচেতন মহলে আৰক্ষীক ধিক্কাৰ দিয়াৰ লগতে দায়িত্ব থকা আৰক্ষী বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande