
কোকৰাঝাৰ, ০৭ জানুৱাৰী (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ চৌতাৰা গাঁৱৰ এটি দহ বছৰীয়া শিশু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰিছে । পখিলা খেদাৰ বয়সত বিচনাই এক মাত্ৰ সম্বল হৈ পৰিছে শিশুটিৰ । ৰোগত আক্ৰান্ত শিশুটিক লৈ দিক বিদিক হেৰুৱাই গৈছে অভিভাৱক।
চৌতাৰা গাঁৱৰ নিবাসী মনোজ কুমাৰ বৰ্মণ আৰু মীৰা বৰ্মণৰ জ্যেষ্ঠ পুত্ৰ অংশুমান বৰ্মণ জন্ম লোৱাৰ কেইবা মাহ পিছত শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে। বয়স অনুপাতে বৃদ্ধি পায় যদিও শিশুটি খোজ কাঢ়িব নোৱাৰে। কথা কব নোৱাৰে আৰু নিজ হাতেৰে খাবও নোৱাৰে। জটিল ৰোগত আক্ৰান্ত শিশুটিক সুস্থ কৰিবলৈ পিতৃ মাতৃয়ে নিজৰ সৰ্বস্ব বিক্ৰী কৰি অসমৰ উপৰি বহিঃৰাজ্যত বিভিন্ন স্থানত চিকিৎসা কৰে যদিও সুস্থ কৰিবলৈ সক্ষম হোৱা নাই। পুত্ৰৰ চিকিৎসাৰ নামত সকলো শেষ কৰি এতিয়া পথ নেদেখা হৈ পৰিছে মনোজ কুমাৰ বৰ্মণ আৰু মাতৃ মীৰা বৰ্মণ । পুত্ৰৰ চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে পৰিয়ালটো। সহায় বিচাৰিছে অসমবাসী ৰাইজৰ। কোনোবাই সহায় কৰিব বিচাৰিলে তলত দিয়া বেংক একাউণ্টত সহায় কৰিব পাৰিব। বেংক একাউণ্ট নম্বৰ 05053211201021 আৰু IFSC Code UCBA0000505
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ