
পৰ্যটকৰ আগমনত আনন্দিত পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকল
বাক্সা, ০৪ জানুৱাৰী (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ অহা দেশী- বিদেশী পৰ্যটকৰ সংখ্যা। অসমৰ লগতে কলকাতা আদিৰ পৰা দেশী পৰ্যটকৰ আগমন ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। আনহাতে নিউজিলেণ্ড, জাৰ্মান, অষ্ট্ৰেলিয়া, জাপান আদি দেশৰ পৰা বিদেশী পৰ্যটকৰ আগমন ঘটিছে।
পৰ্যটকৰ আগমনত আনন্দিত হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকল। পৰ্যটকৰ আগমনৰ ফলত মানাহৰ দাঁতিকাষৰীয়া হোমষ্টে, ৰিজৰ্ট সমূহৰ পৰা স্বত্বাধিকাৰী সকলে এতিয়া যথেষ্টভাৱে লাভান্বিত হ'বলৈ সক্ষম হৈছে। আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে মুক্ত মনে মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে নিচেই কাষৰ পৰাই বাঘ, হাতী, গঁড়কে ধৰি বিভিন্ন জীৱ -জন্তুৰ বিচৰণ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত লোকসকলে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিম বুলি মনতে ভাবি থকা লোকসকলক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা