
পশ্চিম কাৰ্বি আংলং, ০৫ জানুৱাৰী (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ হাতীগড়ত বন বিভাগৰ অভিযান। হাতীগড় অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ডালিমবাৰী বনবিভাগৰ।
বন বিভাগৰ এই অভিযানত জব্দ বহু মূল্যবান গছৰ কুণ্ডা । চোৰাং কাঠৰ কুণ্ডা সমূহ চেগুন আৰু সিহাৰু বুলি জানিব দিয়াৰ লগতে এই কাঠ খিনিৰ বজাৰ মূল্য লক্ষাধিক হ'ব বুলিও বন বিভাগে জানিবলৈ দিয়ে।
উল্লেখ্য যে, কিছু দিন ধৰি হাতীগড়,ভকচুং আদিৰ পাহাৰ বোৰত চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগক বুঢ়া আঙুলি দেখুৱাই চলাই আহিছে বনধ্বংস যজ্ঞ। বন বিভাগৰ এই অভিযান অব্যাহত ৰাখিব লাগে বুলিও স্থানীয় সচেতন মহলে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা