অসমত বিজেপি দলে আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসূচীৰ দ্বাৰা আনুষ্ঠানিক প্ৰচাৰ অভিযান
ধেমাজি, ০৫জানুৱাৰী (হি.স.)। ৰাজ্যত অনুষ্ঠিত হব লগা আগন্তক নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ শাসক বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ প্ৰচাৰৰ অংশ স্বৰূপে অসমৰ শাসকীয় বিজেপি দলে আজিৰ পৰা আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসূচীৰ দ
অসমত বিজেপি দলে আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসূচীৰ দ্বাৰা আনুষ্ঠানিক প্ৰচাৰ অভিযান


ধেমাজি, ০৫জানুৱাৰী (হি.স.)। ৰাজ্যত অনুষ্ঠিত হব লগা আগন্তক নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ শাসক বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ প্ৰচাৰৰ অংশ স্বৰূপে অসমৰ শাসকীয় বিজেপি দলে আজিৰ পৰা আৰম্ভ কৰিছে দেৱাল লিখন কাৰ্যসূচীৰ দ্বাৰা আনুষ্ঠানিক প্ৰচাৰ অভিযান। ৭ টা শ্ল'গান দেৱালত লিখি প্ৰচাৰ কাৰ্যসূচী বিজেপিৰ।

গুৱাহাটীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতেই ধেমাজি সমষ্টিৰ গোগামুখত শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে আৰম্ভ কৰে দেৱাল লিখন কাৰ্যসূচী।সমষ্টিৰ ৰাইজক দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিজেপি দলে ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোত চৰকাৰে ৰাইজলৈ আগবঢ়োৱা বিভিন্ন চৰকাৰী আচনি সমূহৰ বিষয়ে শ্লোগান সমূহৰ জৰিয়তে ৰাইজক অবগত কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande