
নগাও, ০৫ জানুৱাৰী (হি.স.)। হৰিনামৰ ধ্বনি, নাম-কীৰ্তনেৰে মুখৰিত ৰহাৰ বাটমাৰী পথাৰ৷ অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰহাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ সোণালী জয়ন্তী সমাৰোহ৷ কেন্দ্ৰীয় সেৱাবাহিনী, কেন্দ্ৰীয় আইমাতৃ গোটৰ উদ্যোগত আৰু দক্ষিন মাণ্ডলিকৰ সহযোগত ৰহাৰ বাটমাৰী পথাৰত অনুষ্ঠিত হ’বলগীয়া সমাজৰ এই সোণালী জয়ন্তী উৎসৱৰ বাবে সোমবাৰে মাংগলিক কাৰ্যসূচীৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয়৷
সোমবাৰে পুৱা শতাধিক ভকত বৈষ্ণৱ, আই মাতৃয়ে টোপাকুছি নামঘৰৰ পৰা শোভাযাত্ৰা কৰি লাইখুঁটা বাটমাৰী পথাৰলৈ আনে আৰু এনেদৰে নাম কীৰ্তনৰ তথা ধৰ্মীয় ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয়৷ ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ অসমৰ এই সোণালী জয়ন্তী উৎসৱৰ প্ৰত্যেক দিনাই ভাগৱত পাঠ, নাম কীৰ্তন, ধৰ্মালোচনী সভাৰ লগতে অন্তিম দিনা উলিওৱা হ’ব বৰ্ণিল ভাগৱত শোভাযাত্ৰা৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা