
শিৱসাগৰ, ০৫ জানুৱাৰী (হি.স.)। ডিমৌত শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ দ্বিতীয় দিন। ডিমৌত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ।
ডিমৌত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ আজি দ্বিতীয় দিনা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ অধিবেশনস্থলী ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত ডিমৌৰ বিভিন্ন জাতি-জনগোষ্ঠীয় দল, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰিভ্ৰমণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷
ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে উদ্বোধন কৰে সাংস্কৃতিক শোভাযাত্ৰাৰ৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিবেশনৰ মোহন ৰাম শইকীয়া সমন্বয়স্থলীত আজি দ্বিতীয় দিনা অনুষ্ঠিত হ’ব মুকলি সভা৷ মুকলি সভাত অংশ ল’ব অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামীয়ে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা