
হোজাই, ০৪ জানুৱাৰী (হি.স.): হোজাইত অব্যাহত আছে বন্য় হস্তী মানুহৰ সংঘাত । নৱবৰ্ষৰ আৰম্ভণিৰে পৰা তিনিটা দিনত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে তৃতীয় গৰাকী ব্যক্তি। যোৱা কালি শনিবাৰে নিশা হোজাইৰ ৰাধানগৰত বন্যহস্তীৰ আক্ৰমণত নিহত হয় প্ৰকাশ বিশ্বাস নামৰ এগৰাকী লোক।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা হাতীৰ জাকে প্ৰকাশ বিশ্বাসৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰিও আক্ৰমণ কৰে বাসগৃহত থকা লোকসকলক। ফলত বন্যহস্তীৰ আক্ৰমণত নিহত হয় প্ৰকাশ বিশ্বাস। বৰ্তমান নিত্য নৈমিত্তিক বন্যহস্তীৰ আগমনত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজসকলে । ইফালে বন্যহস্তীৰ উপদ্ৰপ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ বনবিভাগ । ফলত আতংকিত হৈ পৰিছে স্থানীয় জনতা। ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোকৰ লগতে হোজাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ