
নগাঁও, ০৪ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰূপহী হাটত গৰু চোৰৰ সন্ত্ৰাস বিৰাজ কৰিছে। ৰূপহী হাট আৰক্ষীয়ে দিনে নিশাই চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰি আছে যদিও কিছুমান অঞ্চলত এতিয়ালৈকে কমা নাই গৰু চোৰৰ সন্ত্ৰাস।
ৰূপহী হাটৰ লৰিৰমুখৰ গৰু চোৰ নায়েব আলীৰ সন্ত্ৰাসত জীয়াতু ভুগিছে ৰাইজে। যোৱা ৰাতি এজন গৃহস্থৰ ঘৰৰ পৰা গৰু নাইকিয়া হোৱাত, সন্দেহৰ ভিত্তিত গৃহস্থই গৰু চোৰ নায়েব আলীৰ গৃহত পালে গৰুটো। বহু দিন ধৰি নায়েব আলীয়ে গৰু চুৰি কৰি চলাই আহিছে সন্ত্ৰাস। আজি নায়েব আলীৰ গৃহৰ পৰা চোৰাং গৰু উদ্ধাৰ হোৱাৰ পিছতে কাৱৈমাৰী আৰক্ষীক লগত লৈ উদ্ধাৰ কৰে গৰু। আৰক্ষীয়ে অতি সোনকালেই গৰু চোৰ নায়েব আলীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ