সোণাপুৰত শনিবাৰে নিশা আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল কাৰ্যসূচী
শনিবাৰে নিশা সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল কাৰ্যসূচী।
শনিবাৰে নিশা সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল কাৰ্যসূচী।


শনিবাৰে নিশা সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল কাৰ্যসূচী।


কামৰূপ, ০৪ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত উজা গাঁৱত শুকুৰবাৰে সংঘটিত এক জঘন্য ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। শুকুৰবাৰে দিনৰ ১১ বজাত নিজ গাঁৱৰ ৰাস্তাতেই এগৰাকী ৯ বছৰীয়া শিশুক জুই জ্বলাই আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল। এই নিন্দনীয় ঘটনাৰ বিৰুদ্ধে শনিবাৰে নিশা সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত এক জোঁৰ সমদল কাৰ্যসূচী উলিওৱা হয়।

সমদলত অংশগ্ৰহণ কৰা প্ৰতিবাদী লোকসকলে ঘটনাটোৰ অতিশীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি ডিজিপি আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকলৈ ডিমৰীয়া সমজিলা আৰক্ষী আয়ুক্তৰ জড়িয়তে এক স্মাৰকপত্ৰ‌ও প্ৰদান কৰে।

প্ৰতিবাদকাৰীসকলে শিশুৰ ওপৰত সংঘটিত এনে অমানৱীয় ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু শিশু সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰশাসনৰ পৰা দৃঢ় পদক্ষেপৰ দাবী জনায়।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande