
বাক্সা, ০৪ জানুৱাৰী (হি.স.)। বাক্সা জিলাৰ শালবাৰীৰ আম্ৰাট্টাৰী বৰফেনা খেল পথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা শালবাৰী মণ্ডলৰ উদ্যোগত যোৱা কালি শনিবাৰৰ বিয়লিৰ পৰা দুদিনীয়াকৈ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা তথা প্ৰথম বাৰ্ষিক এমএলএ কাপ-২০২৬ অনুষ্ঠিত হয়৷ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাখন উদ্বোধন কৰে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন তথা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়৷ উদ্বোধনী খেলত শালবাৰী মণ্ডলৰ জয়লাভ।
কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিধায়ক ফণীধৰ তালুকদাৰে কয় যে আজিৰ এই খেলখনে যুৱ সমাজক অতি উৎসাহিত কৰিব। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে আমি নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ। মুখ্যমন্ত্রী, ৰাজ্যিক সমিতিয়ে টিকট প্ৰদান কৰিলে নিৰ্বাচন খেলিম। আমি ভাৰতীয় জনতা পার্টিৰ একোগৰাকী সৈনিক। দলে য'ত টিকট প্ৰদান কৰে তাতেই নিৰ্বাচন খেলিবলৈ সাজু আছোঁ। মুখ্যমন্ত্রীয়ে মোক মানাহ বিধানসভা সমষ্টিত কাম কৰি থাকিবলৈ কৈছিল। সেয়ে মই মানাহ সমষ্টিত লাগি আছোঁ।
এইসমূহ কাৰ্যসূচীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস, সম্পাদক জিণ্টু শৰ্মা, বাক্সা জিলা সভাপতি অনুপ ডেকা,সম্পাদক মানৱজ্যোতি দাস, ভাৰতীয় জনতা পাৰ্টিৰ শালবাৰী মণ্ডলৰ সভাপতি পুলকেশ দাস আদি উপস্থিত থাকে।
উল্লেখ্য যে দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনত মুঠ ১৮ টা দলে অংশগ্ৰহণ কৰিছে৷ উদ্বোধনী খেলখনত ভাৰতীয় জনতা যুৱ মৰ্চা শালবাৰীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিক পৰাস্ত কৰে৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা