দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুর্ঘটনা
দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুর্ঘটনা।
দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুর্ঘটনা


কামৰূপ, ০৪ জানুৱাৰী (হি.স.): দক্ষিণ কামৰূপৰ সোণতলীত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে । শেলোসুতিৰ ই এণ্ড ডি মথাউৰিত সংঘটিত হৈছে ভয়ংকৰ দূৰ্ঘটনাটো।

জানিব পৰামতে, এএছ ২৫ ইউ ৮১৬৮ নম্বৰৰ পালছাৰ আৰু এএছ ০১ ইকিউ ৭৯০৭ পঞ্জীয়ন নম্বৰৰ তীব্ৰ বেগী দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুর্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ বাবে আহত হয় চাৰিজনকৈ যুৱক। আহত যুৱক কেইজন ৩নং দক্ষিণ ৰাঙাপানী গাঁৱৰ মহৰ আলী, মহিদুল ইছলাম, জমিৰ হুছাইন আৰু ৩নং টুপামাৰীৰ গাৱঁৰ ৰহমত উল্লাহ বুলি পৰিচয় পোৱা গৈছে । স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত চাৰিওজনকে সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায় যদিও ইয়াৰে মহৰ আলী, মহিদুল ইছলাম আৰু ৰহমত উল্লাহক উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জিএমচিএইচলৈ প্ৰেৰণ কৰে।

ঘটনাস্থলীত তৎক্ষণাৎ ভাৱে সোণতলী আৰক্ষী উপস্থিত হৈ ঘটনা তদন্ত কৰাৰ লগতে বাইক দুখন থানালৈ লৈ আহে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande