গৌৰীপুৰত ধুবুৰীৰ সাংসদ ৰফিকুল হুছেইনৰ এআইইউডিএফ আৰু বিজেপিক সমালোচনা
গৌৰীপুৰত ধুবুৰীৰ সাংসদ ৰফিকুল হোছেইনৰ সংবাদমেল।
গৌৰীপুৰত ধুবুৰীৰ সাংসদ ৰফিকুল হুছেইনৰ এআইইউডিএফ আৰু বিজেপিক সমালোচনা


ধুবুৰী, ০৪ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি শনিবাৰে বিয়লি ধুবুৰীৰ সাংসদ ৰফিকুল হুছেইনে এক সংবাদমেল অনুষ্ঠিত কৰি এআইইউডিএফ আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। এআইইউডিএফ পাহৰণিৰ গৰ্ভত সোমাই পৰাৰ লগতে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৱসান ঘটিব বুলি দাবী কৰে।

গৌৰীপুৰৰ অস্থায়ী বাসভৱনত অনুষ্ঠিত সংবাদমেলত সাংসদ ৰফিকুল হুছেইনে এআইইউডিএফ আৰু বিজেপিৰ কামকাজক লৈ সৰৱ হৈ পৰে । তেওঁ কয় যে ধুবুৰীত এআইইউডিএফ দলে পৃথিৱীৰ ভিতৰতে বৃহৎ সংখ্যক ভোটত পৰাজিত হৈছে । ধুবুৰীত পৰাজিতৰ পিছতেই এআইইউডিএফ দলে বহুদিন বিশ্ৰামত আছিল। হিমন্ত বিশ্ব শৰ্মাৰ ফোনত থাকিব নোৱাৰি আকৌ এআইইউডিএফ দলে অগা পিছা কৰিবলৈ ধৰিছে। সাংসদগৰাকীয়ে কয় যে ৰাইজে এইবেলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৱসান বিচাৰিছে। অকল ধুবুৰীতে নহয় তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, কাৰ্বি আংলং, বৰাক ভেলিত বিজেপিক উৎখাত কৰিব ৰাইজে । বিটিচি নিৰ্বাচনত ইতিমধ্যে পৰাজিত হৈছে বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ এটা ক্ষোভ আছে আৰু ৰাইজে নিৰ্বাচনৰ বাবে অপেক্ষা কৰি আছে আৰু ইয়াতেই ৰাইজে দেখুৱাই দিব। নিৰ্বাচনৰ আগত ৰাইজৰ টকাৰে চৰকাৰে আনন্দ উল্লাস কৰি আছে। চৰকাৰী ধনৰে কোটি কোটি টকাৰ পেণ্ডেল কৰি ৫ জন ব্যক্তিৰ বস্তু বিতৰণ কৰি ঘৰলৈ উভতি যাবলৈ কয় বিজেপি চৰকাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande