
দৰং, ০৪ জানুৱাৰী (হি.স.)। ভোগালীক আদৰিবলৈ সাজু হৈ পৰিছে ৰাজ্য বাসী। দৰং জিলাৰ মঙ্গলদৈ ভোগালী বিহু উদযাপন সমিতিও ৰৈ নাথাকি মেজি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে নৰা কটা পৰ্ব ।
মঙ্গলদৈ ফুটকীটলি ধাননি পথাৰত দেওবাৰে সমূহীয়া ভাবে নৰা কাটি বিহু নাম গাই ভোগালীক আদৰিবলৈ কৰিছে প্ৰস্তুতি। উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাই পিছদিনা পুৱা পৰম্পৰাগত ভাবে জ্বলাব মেজি। ভোগালী বিহু উদযাপন সমিতিৰ লগত মঙলদৈৰ সাংবাদিক সকলেও আগবঢ়াইছে সম্পূৰ্ণ সহযোগিতা ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা