
ধুবুৰী, ০৪ জানুৱাৰী (হি.স.)। গৌৰীপুৰত কংগ্ৰেছৰ বিশাল পদযাত্রাত সাংসদ ৰকিবুল হুছেইনৰ অংশগ্ৰহণ। গৌৰীপুৰ চহৰৰ পাব্লিক লাইব্রেৰীৰ পৰা চহৰ খনত সংবিধান বচাও, গণতন্ত্র বচাও পদযাত্রা উলিওৱা হয়। সাংসদ গৰাকী ড০হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কই যে,তেও আজমলক মাতি আনিছে। যেতিয়াই ড০হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰে তেতিয়াই আজমলৰ সহায় লয়, কংগ্ৰেছে সংখ্যালঘু সমষ্টিৰ এটা এটা টিকট ৭-৮ কোটি টকা দৰদাম উঠাৰ অভিযোগ মূখ্যমন্ত্ৰীৰ।
এই প্ৰসংগত ৰকিবুল হুছেইনৰ প্রতিক্রিয়া সকলোতকৈ টিকট বিক্রী কৰাত পাকৈত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তুক বিধান সভা নিৰ্বাচনত ৰাইজে শিক্ষা দিবলৈ সাজু হৈ আছে। কোচ ৰাজবংশী সকলক বিজেপিৰ শাসনত অত্যাচাৰ কৰাৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ। মূখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক তীব্ৰ সমালোচনা কৰে সাংসদ ৰকিবুল হুছেইনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ