ব্যতিক্ৰমী প্ৰচেষ্টাৰে নৱপ্ৰজন্মক কৰ্মসংস্থাপনৰ পথ কাজিৰঙাৰ যুৱতীৰ
গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৷ ইলেক্ট্ৰনিকছ এণ্ড টেলিকমিউনিকেচন বিভাগৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ ডিগ্ৰী সম্পুৰ্ণ কৰা যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা বৰা। যুৱতীগৰাক
ব্যতিক্ৰমী প্ৰচেষ্টাৰে নৱপ্ৰজন্মক কৰ্মসংস্থাপনৰ পথ কাজিৰঙাৰ যুৱতীৰ


গোলাঘাট, ০৪ জানুৱাৰী (হি.স.)। চৰকাৰী চাকৰিয়ে যে সকলো নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৷ ইলেক্ট্ৰনিকছ এণ্ড টেলিকমিউনিকেচন বিভাগৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ ডিগ্ৰী সম্পুৰ্ণ কৰা যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা বৰা। যুৱতীগৰাকীৰ ব্যতিক্ৰমী প্ৰচেষ্টাই কৰ্মসংস্থাপনৰ পথ দেখুৱাইছে নৱপ্ৰজন্মক।

কাজিৰঙাৰ পৰ্যটন উদ্যোগী দীপ বৰাৰ জীয়ৰী প্ৰিয়ংকাই এতিয়া কাজিৰঙাৰ বাগৰীত আৰম্ভ কৰিছে নাহৰ নামৰ এখন ৰেষ্টুৰেণ্ট ৷ য’ত থলুৱা ভাৱে খাদ্য প্ৰস্তুত কৰি পৰ্যটকক আপ্যায়ণ কৰা হয় । প্ৰিয়ংকাই নিজে ভিন্ন ব্যঞ্জন প্ৰস্তুত কৰি পৰ্যটকক আপ্যায়ন কৰোৱাৰ লগতে ভিন্ন ধৰণৰ সুস্বাদু কেক প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে ৷ চৰকাৰী চাকৰিলৈ বাট নাচাই প্ৰিয়ংকাই নিজে স্বাৱলম্বন হোৱাৰ লগতে আন দহজনকো দিছে সংস্থাপন ।আনহাতে যুৱতী হৈও পুৰুষৰ সমানেই সৎ পথেৰে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে প্ৰিয়ংকাই ৷ যাক দেখি অনুপ্ৰাণিত হৈছে বহুজন।বৰ্তমান সময়ত নিশ্চয়কৈ সকলোৰে বাবে এয়া এক আশাৰ ৰেঙনি হৈ পৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande