
নলবাৰী, ০৪ জানুৱাৰী (হি.স.): নলবাৰীত পুনৰ পোহৰলৈ আহিছে হানিট্ৰেপিঙৰ ঘটনা । হানি ট্ৰেপিঙৰ জালত পৰি সৰ্বস্বান্ত হৈছে নলবাৰীৰ এগৰাকী যুৱক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত নলবাৰী বেলশৰ থানাত গোচৰ ৰুজু কৰিছে লুটফুৰ ৰহমান নামৰ ভুক্তভোগী যুৱক গৰাকীয়ে ৷
জানিব পৰামতে নলবাৰীৰ খাতা নামবৰভাগ গাঁৱৰ লুটফুৰ ৰহমান নামৰ যুৱকজন শেহতীয়াভাৱে বলি হৈছে হানিট্ৰেপিঙত । প্ৰথমে প্ৰেমৰ সম্পৰ্ক ৷ তাৰ পিছত শাৰীৰিক সম্পৰ্ক স্থাপন । তাৰ পিছত চলনাময়ী মহিলাই একে লগে সংসাৰ কৰাৰ প্ৰতিশ্ৰুতি দি নিজৰ নামত লুটফুৰৰ পৰা এডোখৰ মাটি কৰি লয় । পিছত শাৰীৰিক সম্পৰ্ক কৰি গোপনে ৰেকৰ্ডি কৰি লয় তেওঁলোকক গোপন সম্পৰ্কৰ ভিডিও। এইদৰে চলনাময়ী মহিলাই সঘনাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰি মোৱাইলত ৰেকৰ্ডিং কৰি গৈছে এটাৰ পিছত এটা ভিডিঅ’ ।
ইয়াৰ পিছতে আৰম্ভ কৰে চলনাময়ী মহিলাৰ আছল স্বৰূপ । আনকি মাজে সময়ে গোপন ভিডিও ভাইৰেল কৰিম বুলি যুৱকৰ পৰা দাবী কৰে ২০ লাখ টকা । অৱশেষত দামদৰ চলায় হাচিনা আৰু তেওঁৰ লগত জড়িত এটা হানিট্ৰেপিঙৰ দলে ৷ দৰদামত দহ লাখলৈ লামে হানিট্ৰেপিঙৰ দলটো।ভুক্তভোগী যুৱকে ইতিমধ্যে দুই লাখ টকা আদায় দিয়ে এই দলটোক। তাৰ পিছত বিভিন্ন ধৰণৰ পন্থাৰে ভাবুকি প্ৰদানেৰে হানিট্ৰেপিঙৰ দলটোৱে আদায় কৰি গৈছে ধন । যুৱকক মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়াৰ উপৰিও আনকি চলনাময়ী মহিলাই আত্মহত্যা কৰিম বুলি চিপ জৰি লোৱাৰ ফটো পঠিয়াই হোৱাটচআপত । শেষত উপায়ান্তৰ হৈ ভুক্তভোগী যুৱকে কাষ চাপে আৰক্ষীৰ । ন্যায় বিচাৰি স্থানীয় বেলশৰ থানত এজাহাৰ দাখিল কৰে । ইতিমধ্যে এই যুৱক গৰাকীয়ে অবশেষত হাতযোৰ কৰি বোৱাৰীৰ প্ৰেমত নপৰিবলৈ অনুৰোধ কৰিছে ৷
অভিযোগ মতে বৰ্তমান এই হানিট্ৰেপিং গেঙটোত জৰিত আছে দুই যুৱক কেকানকুছিৰ মছলিম আলি আৰু বনমাজাৰ আটাউৰ ৰহমান । চলনাময় মহিলাৰ ঘৰ নলবাৰী চহৰৰ সমিপত বৰকুৰাত৷ শেহতীয়াভাবে এই সমগ্ৰ নলবাৰী জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ